কার্বি সম্প্ৰদায় মাজত “চ’মাংকান” এটি অর্থবহ শব্দ। কার্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যুৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কার্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱেই হৈছে ‘চ’মাংকান’ অর্থাৎ দহা বা শ্ৰাদ্ধ। কার্বি সকলৰ বিশ্বাস মতে ‘চ’মাংকান’ নকৰিলে মৃতকৰ আত্মাই সম্পূর্ণৰূপে পাপ-তাত,দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অৱস্থানুসৰি ‘চ’মাংকান’ তিনি প্ৰকাৰে পতা হয়। যেনে ১) সাধাৰণ পর্যায়’কান ফ্লাফ্লাং, ২) মধ্যম পর্যায়’লাংটুক’আৰু ৩) উচ্চ পর্যায়’হার্ণে’। ‘চ’মাংকান’ এটা খৰচী অনুষ্ঠান সেয়েহে প্ৰতিজন ব্যক্তিৰ মৃত্যুত প্ৰতিঘৰ গৃহস্থই ‘চ’মাংকান’নাপাতে। বহু কেইজন মৃতকৰ দহা বা শ্ৰাদ্ধকার্য একেদিনে পাতে। এই অনুষ্ঠান পতাৰ নির্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো ‘চ’মাংকান’ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ ‘থিৰি’ বা শ্মশানস্থলীলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি (টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি (ছ’বাই) এটাকে হাড়ৰ প্ৰতীকৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন ...