Skip to main content

কার্বি সমাজ জীৱনৰ এখিলা পাত ‘চ’মাংকান’

কার্বি সম্প্ৰদায় মাজত “চ’মাংকান” এটি অর্থবহ শব্দ। কার্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যুৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কার্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱেই হৈছে ‘চ’মাংকান’ অর্থাৎ দহা বা শ্ৰাদ্ধ। কার্বি সকলৰ বিশ্বাস মতে  ‘চ’মাংকান’ নকৰিলে মৃতকৰ আত্মাই সম্পূর্ণৰূপে পাপ-তাত,দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অৱস্থানুসৰি ‘চ’মাংকান’ তিনি প্ৰকাৰে পতা হয়। যেনে
১) সাধাৰণ পর্যায়’কান ফ্লাফ্লাং,
২) মধ্যম পর্যায়’লাংটুক’আৰু
৩) উচ্চ পর্যায়’হার্ণে’।
‘চ’মাংকান’ এটা খৰচী অনুষ্ঠান সেয়েহে প্ৰতিজন ব্যক্তিৰ মৃত্যুত প্ৰতিঘৰ গৃহস্থই ‘চ’মাংকান’নাপাতে। বহু কেইজন মৃতকৰ দহা বা শ্ৰাদ্ধকার্য একেদিনে পাতে।
এই অনুষ্ঠান পতাৰ নির্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো ‘চ’মাংকান’ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ ‘থিৰি’ বা শ্মশানস্থলীলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি (টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি (ছ’বাই) এটাকে হাড়ৰ প্ৰতীকৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন লাভহে কৰিছে। তেতিয়া মৃতকৰ নিয়ম-নীতি জনা ‘ওচেপী’ এগৰাকীয়ে প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তিকেইজনক ৰান্ধি-বাঢ়ি খুৱায়। তাৰ পাছতেই ‘ওচেপী’গৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুনৰ টান নৰিয়া আৰু ওজাই মংগল চাই কয় যে এইসকল ব্যক্তিক বচাব নোৱাৰি। তেতিয়া ৰোগী থোৱা ঘৰৰ পৰা কান্দোনৰ সুৰ ভাহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় একেলেথাৰিয়ে বিননি তুলি কন্দাৰ পৰম্পৰা। যিগৰাকী মহিলাই বিননি তুলি কান্দে তেওঁক ‘কাচার্হেপী’ বা ‘লুঞ্চেপী’বোলে। বিননিত গোৱা হয় মৃত ব্যক্তিজনৰ জীৱিত কালৰ মনৰ হেঁপাহৰ কথা।
দ্বিতীয় দিনা বিভিন্ন গাঁৱৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। বয়সস্থ পুৰুষ-মহিলাই হওক বা ডেকা-গাভৰুৱেই হওক, প্ৰত্যেকেই মৃতকলৈ মদ-ভাত, বিড়ি-চাধাৰ লগতে খনীয়া তামোল একোখনো যাচে। গৃহস্থ ঘৰেও আলহীসকলক সন্মান যাচি মদ-পানী খুৱায়। তাৰ লগতে দ্বিতীয় দিনাই ‘চ’মাংকান’ নাচিবলৈ বিভিন্ন গাঁৱৰ পৰা ডেকা-গাভৰুৰ শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্থিত হয়। তেওঁলোকে নিজৰ লগত প্ৰতিখন গাঁওৰ কার্বি জাতীয় প্ৰতীক ‘জাম্বিলী আথন’ একোটা আনে। ‘চ’মাংকান’উৎসৱ কার্বি সকলৰ কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয় যদিও ‘জাম্বিলী আথন’ কার্বি কৃষ্টিৰ আত্মা বুলি কোৱা হয়। ইহলোক আৰু পৰলোকৰ মাজত যোগসূত্ৰ স্থাপনার্থে এই প্ৰতীক ব্যৱহাৰ কৰা হয়। ‘চার্হেপীয়ে’ তোলা বিননি আৰু ঢুলীয়াই বজোৱা ঢোলৰ মাত ‘চ’মাংকান’ৰ তিনিদিনত বন্ধই হ’ব নালাগিব। বন্ধ হোৱাটো অশুভ বুলি বিবেচিত কৰা হয়।
‘দুহুইদি’জন চোতাললৈ ওলাই অহাৰ পিছত ‘চ’মাংকান’ শোকৰ বা ধর্মীয় অনুষ্ঠান হৈ নাথাকি ই উৎসৱলৈ পৰিণত হয়। নৃত্য-গীতেৰে মুখৰিত হৈ পৰে মৃত ব্যক্তিৰ গৃহস্থৰ চোতাল। ঢোল-বাদ্যৰ তালে তালে নচা হৈছিল ঢাল-তৰোৱাল নৃত্য (চাং কিদামকেকান), ‘চ’মাংকান’ নৃত্য ‘মিৱেই ৱই ককোন’, গাভৰু সকলে মুখত ওৰণি লৈ ডেকাসকলৰ কঁকালত ধৰি নচা নৃত্য’মিমচু কেৰং কেকান’। এই নৃত্যত একে কুলৰ ডেকাই একে কুলৰ গাভৰু হাতত ধৰি নাচিব নোৱাৰে। ‘চ’মাংকান’ত মৃতকৰ মংগলার্থে গাহৰি, কুকুৰাও কটা হয়। এই কার্য্য সাধাৰণতে মোমায়েকসকলে সাধন কৰিব লাগে।
তৃতীয় দিনাৰ আবেলিপৰত ঢোলে-দগৰে মৃতকৰ প্ৰতীক ৰূপৰ খেৰৰ জুমুঠিকেইটা পুনৰ শ্মশানলৈ নিয়া হয়। তেতিয়া এক কৰুণতাৰে ভৰা পৰিৱেশৰ সৃষ্টি হয়। শ্মশানলৈ নি চিতাৰ জুইত জুমুঠিবোৰ তুলি দিয়া হয়। কার্বিসকলৰ মতে তেতিয়া হে যেন মৃতকৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰে আৰু স্বর্গপ্ৰাপ্তি হয়।
সহায়ক গ্ৰন্থ:-
তিৱা আৰু কার্বি লোক-সংস্কৃতিৰ লেছাৰি বুটলি
কাৰবি লোক সমাজ-সাহিত্য সংস্কৃতিত এভূমুকি
কাৰবি কৃষ্টি উৎসৱ


লেখিকা: ৰশ্মি বৰা
 

Comments

Popular posts from this blog

ওজাপালি

ওজাপালি অসমৰ এটি পুৰণি আৰ্ধনাটকীয় কলা৷ ইয়াত নৃত্য, সংলাপ, যুদ্ধৰ বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু উপযুক্ত ৰাগ আদিৰে পৰিৱেশন কৰা হয়। পুৰণি কালৰ পৰা কামৰূপ জিলা, দৰং, গোৱালপাৰা আদি অঞ্চলৰ জনসাধাৰণৰ মাজত এই অৰ্ধনাটকীয় কলা জনপ্ৰিয় কলাৰূপ হিচাপে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে। এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে। ওজাপালি প্ৰধানতঃ দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ণ গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে। সুকনান্নী ওজাই ধুতী, গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়।মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।পুৰণিকা...

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱা

জয়জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবর্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো । এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সু - সন্তানৰ নাম সোণালী আখৰেৰে লিখা হ ’ ল ভাৰত বুৰঞ্জীৰ পাতত । পিয়লি ফুকন , মণিৰাম দেৱান , কুশল কোঁৱৰ , মুকুন্দ কাকতি , কনকলতা , ভোগেশ্বৰী ফুকননী , চন্দ্ৰপ্ৰভা শইকীয়ানী - আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সুৱঁৰিব লাগিব । এইসকল অসাধাৰণ ব্যক্তিৰ মাজত কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য । শুনিবলৈ বেয়া হয় — কিন্তু অপ্ৰিয় সত্য যে অসমৰে বহু নৱপ্ৰজন্মই শ্বহীদ কনকলতা বৰুৱাক চিনি নাপায় । এই বিজ্ঞান - প্ৰযুক্তিবিদ্যাৰ যুগত আমি বহু কথাই জানিব লগা হয় বা বহু কথাই মনত ৰাখিব লগা হয় । আমি বিশ্বৰ সকলো প্ৰান্তৰে খবৰ ৰাখো কিন্তু সদায় দেখি থকা বা আমাৰ কাষতে থকা বহু কথাই আমি মনত নাৰাখো বা নাজানো । এনেকোৱা কিয় হৈছে বুলি কলে — কব লাগিব এইয়া আমাৰ মাতৃভূমি বা স্বজাতিৰ প্ৰতি থকা উদাসীনতা তাৰ একমাত্ৰ কাৰণ৷ প...

অসমৰ বাদ্য-যন্ত্ৰ খোল: এক চমু পৰিচয়

বৈষ্ণৱ ধাৰাৰ অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ, গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত আদিৰ উপৰিও দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগী গীত আদিত খোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷ খোলবাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য বুলি গণ্য কৰা হয় ৷ অসমৰ জনজীৱনত মহপুৰুষজনা একশৰণ হৰি নামধৰ্মৰ সৰ্বাত্মক পৰিধিৰ বাবে, খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে৷ গুৰুজনাই ভক্তিমাৰ্গৰ গুঢ় তত্ববিলাক সকলোস্তৰৰ লোকৰ মাজত বিলাই দিবৰ বাবে কলা-কৃষ্টিৰ মাধ্যমকে ব্যৱহাৰ কৰিলে আৰু তাৰ বাবেই ভাওনাকে ধৰি বহু গীত-মাত, ভটিমা, আদিৰ সৃষ্টি কৰিলে ৷ ইয়াকে কৰিবলে যাওঁতে তেখেতে শাস্ত্ৰীয় সংগীতৰ সতে অসমীয়া থলুৱা উপাদান সংযোগ কৰি এক নব্যধাৰাৰ সৃষ্টি কৰিলে, যাৰ ফলস্বৰূপে এই খোল আদি বাদ্যযন্ত্ৰৰ আৱিস্কাৰ হ’ল৷ আপোন বৈশিষ্টৰে খোলক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ থলুৱা বাদ্যসমূহৰ স্থানত ৰাখিব পাৰি৷ অতীজতে খোল কেৱল মাটিৰে তৈয়াৰ কৰা হৈছিল৷ কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ কাঠেৰে খোল তৈয়াৰ কৰা পদ্ধতি আহে৷ অৱশ্যে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ মাজত স্বৰৰ পাৰ্থক্য আছে৷ কাঠৰ খোল তৈয়াৰ কৰিব...