Skip to main content

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱা





জয়জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবর্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সু-সন্তানৰ নাম সোণালী আখৰেৰে লিখা ভাৰত বুৰঞ্জীৰ পাতত পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা, ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী-আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সুৱঁৰিব লাগিব এইসকল অসাধাৰণ ব্যক্তিৰ মাজত কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য শুনিবলৈ বেয়া হয়কিন্তু অপ্ৰিয় সত্য যে অসমৰে বহু নৱপ্ৰজন্মই শ্বহীদ কনকলতা বৰুৱাক চিনি নাপায়এই বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত আমি বহু কথাই জানিব লগা হয় বা বহু কথাই মনত ৰাখিব লগা হয় আমি বিশ্বৰ সকলো প্ৰান্তৰে খবৰ ৰাখো কিন্তু সদায় দেখি থকা বা আমাৰ কাষতে থকা বহু কথাই আমি মনত নাৰাখো বা নাজানো এনেকোৱা কিয় হৈছে বুলি কলেকব লাগিব এইয়া আমাৰ মাতৃভূমি বা স্বজাতিৰ প্ৰতি থকা উদাসীনতা তাৰ একমাত্ৰ কাৰণ৷ প্ৰায়ে আমি কাষতে থকা বস্তুবোৰলৈ চকু নিদিও তাৰ পৰিবৰ্তে দূৰত থকা ৰং-চঙীয়া পৃথিৱীখনৰ প্ৰতিহে আকৰ্ষিত হওঁ
    ১৯৪২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০ ছেপ্তেম্বৰত অসমৰ জীয়ৰী কনকলতা বৰুৱাই গহপুৰৰ পুলিচ থানাত বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হয় এইয়াই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱা কনকলতাৰ দুর্বাৰ সাহস ,মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদর্শই আজিও অসমবাসীৰ হৃদয়ত কনকলতাৰ নাম যুগমীয়া কৰি ৰাখিছে
     কনকলতাৰ জন্ম ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত হয় পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা ভায়েকৰ নাম ৰজনীকান্ত আৰু ভনীয়েকৰ নাম দেৱবালা সৰুতে ঘাটমাউৰা হোৱা কনকলতাহঁত ককাদেউতা আৰু খুৰাকহঁতৰ তত্ত্বাৱধানত ডাঙৰ হৈছিল কনকলতাৰ বৰ বেছি শিক্ষা দীক্ষা নাছিল তৃতীয়মানলৈকে পঢ়ি স্কুলীয়া শিক্ষা সাং কৰে ভূঁই ৰোৱা, তাঁত বোৱা, ৰন্ধা-বঢ়া আদি সকলো কামতে তেওঁ পাৰ্গত আছিল কনকলতাৰ স্বভাৱ-চৰিত্ৰ আৰু মাত কথা বৰ শুৱলা আছিল সেয়ে তেওঁ পৰিয়ালতে নহয় ওচৰ চুবুৰীয়াৰো প্ৰিয় পাত্ৰ আছিল সেইসময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল সেই আন্দোলনৰ ঢৌয়ে কণমানি কনকাৰ হৃদয়তো দেশপ্ৰেমৰ ভাৱ জগাইছিল তেতিয়া ১৯৪২ চন। কনকলতা পাটগাভৰু। সেইটো বছৰৰে আগষ্টত বোম্বাইত বহা এখন সভাত গান্ধীজীয়ে ইংৰাজৰভাৰত-ত্যাগপ্ৰস্তাৱ ঘোষণা কৰিলে। ফলত আগষ্টত গান্ধীজীকে ধৰি বহুতো বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। দেশজুৰি আন্দোলনৰ জোৱাৰ উঠিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিলে। ইংৰাজ চৰকাৰে আন্দোলনৰ নেতা আৰু অংশগ্ৰহণকাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। মুঠতে এক বৃহৎ আন্দোলন
     অসমতো নেতৃস্থানীয় লোকসকল জেলত সোমাল। নিৰুপায় হৈ সাধাৰণ ৰাইজেই একোজন নতুন নেতাৰ অধীনত আন্দোলন চলোৱাৰ দায়িত্ব লে। সেইসময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জিলাৰ হাজাৰ হাজাৰ মানুহে আন্দোলনত যোগ দিছিল। ইংৰাজে আন্দোলনকাৰীসকলৰ ওপৰত নানা অবৰ্ণনীয় অত্যাচাৰ চলালে, গ্ৰেপ্তাৰ কৰিলে। সেইসময়ত জিলাৰ কাছাৰী ঘৰ আৰু গাওঁ অঞ্চলত পুলিছ থানাবোৰ আছিল বৃটিছ ৰাজ শক্তিৰ কেন্দ্ৰস্বৰূপ। সেয়েহে তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কাছাৰীঘৰ আৰু থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা ল। এই কামৰ বাবেস্বেচ্ছাসেৱক বাহিনীগঠন কৰা ল। সেই স্বেচ্ছাসেৱক বাহিনীৰ পৰাইকৰিম বা মৰিমমন্ত্ৰৰে দীক্ষিত মৃত্যুবাহিনীও গঠন কৰা ল। ওঠৰ বছৰীয়া কনকলতাই কাৰো বাধা নামানি সাহসেৰে মৃত্যুবাহিনীত যোগ দিলে। তেৱেঁই মৃত্যুবাহিনীৰ প্ৰথম নাৰী সদস্যাজ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যুবাহিনী' যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা  উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল৷ তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল৷ গহপুৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱীকা গৰাকী আছিল কনকলতা বৰুৱা৷ থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে৷ এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে৷ ফলত কনকলতা মাটিত বাগৰি পৰি শ্বহীদ হয
    শ্বহীদ কনকলতা বৰুৱাৰ লগতে বিয়াল্লিশৰ এই শ্বহীদসকলৰ মৃত্যু তিথিত তেখেতসকলক পুনৰ বাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো এই ক্ষণত আশা কৰো তেখেতৰ আদৰ্শৰে প্ৰতিজন অসমীয়াৰ অন্তৰত জাতিসত্বা ৰোপিত হওক৷ লগতে প্ৰতিগৰাকী অসমীয়া জীয়ৰীৰ অন্তৰত সাহসেৰে উপচাই দিয়ক যাতে সমাজত নাৰী জাতিৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰূদ্ধে সাহেৰে যুঁজ দিব পাৰে কনকলতাৰ আদৰ্শৰে অসম খন আকৌ এবাৰ উজলি পৰক জয় আই অসম


Comments

Post a Comment

Popular posts from this blog

ওজাপালি

ওজাপালি অসমৰ এটি পুৰণি আৰ্ধনাটকীয় কলা৷ ইয়াত নৃত্য, সংলাপ, যুদ্ধৰ বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু উপযুক্ত ৰাগ আদিৰে পৰিৱেশন কৰা হয়। পুৰণি কালৰ পৰা কামৰূপ জিলা, দৰং, গোৱালপাৰা আদি অঞ্চলৰ জনসাধাৰণৰ মাজত এই অৰ্ধনাটকীয় কলা জনপ্ৰিয় কলাৰূপ হিচাপে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে। এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে। ওজাপালি প্ৰধানতঃ দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ণ গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে। সুকনান্নী ওজাই ধুতী, গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়।মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।পুৰণিকা...

অসমৰ বাদ্য-যন্ত্ৰ খোল: এক চমু পৰিচয়

বৈষ্ণৱ ধাৰাৰ অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ, গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত আদিৰ উপৰিও দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগী গীত আদিত খোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷ খোলবাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য বুলি গণ্য কৰা হয় ৷ অসমৰ জনজীৱনত মহপুৰুষজনা একশৰণ হৰি নামধৰ্মৰ সৰ্বাত্মক পৰিধিৰ বাবে, খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে৷ গুৰুজনাই ভক্তিমাৰ্গৰ গুঢ় তত্ববিলাক সকলোস্তৰৰ লোকৰ মাজত বিলাই দিবৰ বাবে কলা-কৃষ্টিৰ মাধ্যমকে ব্যৱহাৰ কৰিলে আৰু তাৰ বাবেই ভাওনাকে ধৰি বহু গীত-মাত, ভটিমা, আদিৰ সৃষ্টি কৰিলে ৷ ইয়াকে কৰিবলে যাওঁতে তেখেতে শাস্ত্ৰীয় সংগীতৰ সতে অসমীয়া থলুৱা উপাদান সংযোগ কৰি এক নব্যধাৰাৰ সৃষ্টি কৰিলে, যাৰ ফলস্বৰূপে এই খোল আদি বাদ্যযন্ত্ৰৰ আৱিস্কাৰ হ’ল৷ আপোন বৈশিষ্টৰে খোলক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ থলুৱা বাদ্যসমূহৰ স্থানত ৰাখিব পাৰি৷ অতীজতে খোল কেৱল মাটিৰে তৈয়াৰ কৰা হৈছিল৷ কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ কাঠেৰে খোল তৈয়াৰ কৰা পদ্ধতি আহে৷ অৱশ্যে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ মাজত স্বৰৰ পাৰ্থক্য আছে৷ কাঠৰ খোল তৈয়াৰ কৰিব...