ওজাপালি অসমৰ এটি পুৰণি আৰ্ধনাটকীয় কলা৷ ইয়াত নৃত্য, সংলাপ, যুদ্ধৰ
বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু
উপযুক্ত ৰাগ আদিৰে পৰিৱেশন কৰা হয়। পুৰণি কালৰ পৰা কামৰূপ জিলা, দৰং,
গোৱালপাৰা আদি অঞ্চলৰ জনসাধাৰণৰ মাজত এই অৰ্ধনাটকীয় কলা জনপ্ৰিয় কলাৰূপ
হিচাপে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা
দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে।
এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া
সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো
অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে।
ওজাপালি প্ৰধানতঃ দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ণ
গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে।
সুকনান্নী ওজাই ধুতী, গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু
ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল
ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট
লয়।মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।পুৰণিকালত ওজাজনে তিৰোতাৰ নিচিনাকৈ দীঘল
চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল যদিও বৰ্তমান ই লোপ পাইছে বুলিব পাৰি।
আখ্যানৰ লগত ৰিজাই কিছুমান খুহুতীয়া কথাৰ মাজেৰে বৰ্ণনা দি দৰ্শকক হাঁহিৰ
খোৰাক যোগায় আৰু আমোদ দিয়ে। সভা গোৱা ওজাই খুটিতাল বজায়। কিন্তু সুকনান্নী
ওজাই এখন হাতেৰে বুঢ়া আঙুলিত ৰচীৰে মেৰিয়াই খঞ্জিৰা বজায়। সোঁহাতৰ বুঢ়া
আঙুলিৰ কাম যথেষ্ট। ৰামায়ণ ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনান্নী ওজাৰ
দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী লোপ পাই আহিছে।
দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষণ কৰে।ওজাসকলৰ
স্মৃতি শক্তি প্ৰখৰ আছিল, তেওঁলোকে নিজৰ সুললীত কণ্ঠৰে গোৱা ওজাপালিৰ
যোগেদি ভাগৰুৱা মন জীপাল কৰি তোলে আৰু সমাজক একগোট কৰি ৰাখিবলৈ সমৰ্থৱান
হয়। চৌষষ্টি কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত, নৃত্যকলাৰ সমন্বয় ওজাপালি।
শংকৰী যুগৰো বহুকাল আগতে সুস্থ আৰু প্ৰচলিত আছিল ওজাপালি। ওজাপালিক অসমীয়া
জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হয়।
Copy
Vikaspedia
I cc bb.
ReplyDelete