Skip to main content

Posts

প্ৰথম অসমীয়া

*.উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট —জগন্নাথ বৰুৱা .নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট —আনন্দৰাম বৰুৱা *.চাহ খেতিয়ক —জগন্নাথ বৰুৱা *.ৰাষ্ট্ৰপতি —ফখৰুদ্দিন আলি আহমেদ *.জাতীয় কংগ্ৰেছৰ সভাপতি —দেৱকান্ত বৰুৱা (১৯৭৫ চন) *.ৰাজ্যপাল —বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত। *.পঞ্জাৱৰ ৰাজ্যপাল —মহেন্দ্ৰমোহন চৌধুৰী *.মিজোৰামৰ ৰাজ্যপাল —হিতেশ্বৰ শইকীয়া *.আই চি এচ —আনন্দৰাম বৰুৱা (অসমৰ প্ৰথম ভাৰতৰপঞ্চম) *.পি এইচ ডি —মঃ ময়িদুল ইছলাম বৰা *.অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি —নুৰুল আমিন *.আইন বিষয়ত ডক্টৰেট —ডঃ জগদীশচন্দ্ৰ মেধি *.ভাৰতৰ উচ্চতম ন্যায়ালয়ৰবিচাৰপতি—হলিৰাম ডেকা (৩ জানুৱাৰী, ১৯৬১) *.গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন) *.অসমৰ বাহিৰৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —শৰৎ কুমাৰ দত্ত (কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়) *.মেডিকেল চাৰ্ভিছ পাছ —কৰ্ণেল শিৱৰাম বৰুৱা *.মন্ত্ৰীসভাৰ সদস্য —সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি *.স্বাধীন অসমৰ মুখ্যমন্ত্ৰী —গোপীনাথ বৰদলৈ *.কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী —ৰাঘৱ চন্দ্ৰ ডেকা(২৫ নৱেম্বৰ, ১৯৮৭) *.গুৱা...
Recent posts

কার্বি সমাজ জীৱনৰ এখিলা পাত ‘চ’মাংকান’

কার্বি সম্প্ৰদায় মাজত “চ’মাংকান” এটি অর্থবহ শব্দ। কার্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যুৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কার্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱেই হৈছে ‘চ’মাংকান’ অর্থাৎ দহা বা শ্ৰাদ্ধ। কার্বি সকলৰ বিশ্বাস মতে  ‘চ’মাংকান’ নকৰিলে মৃতকৰ আত্মাই সম্পূর্ণৰূপে পাপ-তাত,দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অৱস্থানুসৰি ‘চ’মাংকান’ তিনি প্ৰকাৰে পতা হয়। যেনে ১) সাধাৰণ পর্যায়’কান ফ্লাফ্লাং, ২) মধ্যম পর্যায়’লাংটুক’আৰু ৩) উচ্চ পর্যায়’হার্ণে’। ‘চ’মাংকান’ এটা খৰচী অনুষ্ঠান সেয়েহে প্ৰতিজন ব্যক্তিৰ মৃত্যুত প্ৰতিঘৰ গৃহস্থই ‘চ’মাংকান’নাপাতে। বহু কেইজন মৃতকৰ দহা বা শ্ৰাদ্ধকার্য একেদিনে পাতে। এই অনুষ্ঠান পতাৰ নির্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো ‘চ’মাংকান’ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ ‘থিৰি’ বা শ্মশানস্থলীলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি (টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি (ছ’বাই) এটাকে হাড়ৰ প্ৰতীকৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন ...

প্ৰচলিত লোক-বিশ্বাস আৰু বৈজ্ঞানিক যুক্তিযুক্ততা

সভ্যতাৰ ক্ৰমবিকাশৰ প্ৰাৰম্ভণিৰে পৰাই মানুহৰ মাজত কিছুমান ৰীতি-নীতি পৰম্পৰাগতভাৱে প্ৰচলন হৈ আহিছে। আদিতে এই লোক-বিশ্বাসৰ আধাৰত প্ৰচলিত নীতি-নিয়মসমূহৰ কোনো ধৰণৰ বৈজ্ঞানিক যুক্তি সাব্যস্ত হোৱা নাছিল। কেৱল নাপায়, নালাগে, অমঙ্গল হ’ব নাইবা কোনো দেৱতা বা অপদেৱতাৰ ভয় দেখুৱায় সেইবোৰ পালন কৰিবলৈ কনিষ্ঠসকলক বাধ্য কৰোৱাইছিল। অৱশ্যে এই অজস্ৰ পায়-নেপায়, লাগে-নেলাগেবোৰৰ আঁৰত লুকাই আছে মানুহৰ সমাজত সুখ-শান্তি আৰু শৃংখলা বজাই ৰখাৰ মহৎ উদ্দেশ্য। সেইবুলি সকলোবোৰ লোক-বিশ্বাসৰে বৈজ্ঞানিক যুক্তিযুক্ততা বিচাৰি পোৱা নাযায়। তথাপি, সৰহখিনি নীতি-নিয়ম তথা পৰম্পৰায়েই সমাজখনক শৃঙ্খলাবদ্ধ, সমৃদ্ধিশালী আৰু প্ৰতিজনকে সু-স্বাস্থ্যৰে জীয়াই থকাত বলিষ্ঠ অৰিহণা যোগাই আহিছে। সেয়ে সকলোবোৰ লোক-বিশ্বাসকে কু-সংস্কাৰ বুলি দলিয়াই পেলাব নেলাগে। সেইবোৰৰ লাগতিয়ালখিনি প্ৰয়োজনীয় সংশোধন কৰি মানি চলাই শ্ৰেয় আৰু তাৰ সমান্তৰালভাৱেই সেইবোৰৰ প্ৰকৃত তাৎপৰ্যখিনিও বিচাৰ-বিশ্লেষণ কৰি চোৱাটো বাঞ্ছনীয়। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই নিজৰ জীৱনত সন্মুখীন হোৱা তথা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত আমাৰ সমাজত প্ৰচলিত অলেখ লোক-ব...

বৈষ্ণৱ সমাজৰ সেৱাৰ থলী নামঘৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ - বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ । আমাৰ আলোচ্য বিষয় হৈছে নামঘৰ । শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্হল হৈছে এই নামঘৰ । এই নামঘৰক কেন্দ্ৰ কৰিয়েই গুৰুজনাৰ প্ৰৱৰ্তিত ‘ একশৰণ হৰি নাম ধৰ্ম ’ ই অসমীয়া সমাজত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰি বৰ্তি থাকিবলৈ সক্ষম হৈছে । গুৰজনাই প্ৰথমে নগাঁৱৰ বৰদোৱা ( বটদ্ৰৱা ) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল । ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে । নামঘৰত সাধাৰণতে চাৰিটা   প্ৰধান অংশ বা ঘৰ থাকে । এইকেইটা হৈছে – নামঘৰ বা কীৰ্তন ঘৰ , মণিকূট , ছোঁ ঘৰ আৰু বাটচ ’ ৰা । নামঘৰৰ গঠন প্ৰণালী নামঘৰৰ গঠন প্ৰণালী অতি সৰল৷টুপভঙ্গা দুঢলীয়া মণিকূট , নামঘৰৰ মূল গৃহ , বাটচৰা আৰু ছো - ঘৰে ৰে গঠিত এই নামঘৰ।নামঘৰ সদায় পূবা - পশ্চিমাকৈ নিৰ্মান কৰা হয়৷ ইয়াৰ পূব দিশত নামঘৰৰ প্ৰধান গৃহ মণিকূট স্থাপন কৰা হয়৷ মনিকূটৰ ভিতৰত সিংহাসন ভাগ প্ৰতিষ্ঠা কৰা হয়। নামঘৰৰ প্ৰথমে পুতা ...