Skip to main content

প্ৰথম অসমীয়া

*.উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট —জগন্নাথ বৰুৱা
.নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট —আনন্দৰাম বৰুৱা
*.চাহ খেতিয়ক —জগন্নাথ বৰুৱা
*.ৰাষ্ট্ৰপতি —ফখৰুদ্দিন আলি আহমেদ
*.জাতীয় কংগ্ৰেছৰ সভাপতি —দেৱকান্ত বৰুৱা (১৯৭৫ চন)
*.ৰাজ্যপাল —বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।
*.পঞ্জাৱৰ ৰাজ্যপাল —মহেন্দ্ৰমোহন চৌধুৰী
*.মিজোৰামৰ ৰাজ্যপাল —হিতেশ্বৰ শইকীয়া
*.আই চি এচ —আনন্দৰাম বৰুৱা (অসমৰ প্ৰথম ভাৰতৰপঞ্চম)
*.পি এইচ ডি —মঃ ময়িদুল ইছলাম বৰা
*.অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি —নুৰুল আমিন
*.আইন বিষয়ত ডক্টৰেট —ডঃ জগদীশচন্দ্ৰ মেধি
*.ভাৰতৰ উচ্চতম ন্যায়ালয়ৰবিচাৰপতি—হলিৰাম ডেকা (৩ জানুৱাৰী, ১৯৬১)
*.গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন)
*.অসমৰ বাহিৰৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —শৰৎ কুমাৰ দত্ত (কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়)
*.মেডিকেল চাৰ্ভিছ পাছ —কৰ্ণেল শিৱৰাম বৰুৱা
*.মন্ত্ৰীসভাৰ সদস্য —সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি
*.স্বাধীন অসমৰ মুখ্যমন্ত্ৰী —গোপীনাথ বৰদলৈ
*.কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী —ৰাঘৱ চন্দ্ৰ ডেকা(২৫ নৱেম্বৰ, ১৯৮৭)
*.গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট —ড০সত্যেন্দ্ৰনাথ গোস্বামী, ড০ মহেশ্বৰ নেওগ
*.সামৰিক বাহিনীৰ বীৰচক্ৰ—উৎপল বৰুৱা (১৯৬৫)
*.অৰ্জুন বঁটা —দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন)
*.পদ্মভূষণ উপাধি —প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা
*.সংগীত নাটকঅকাডেমী বঁটা —শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত (১৯৬১ চন)
*.ৰাষ্ট্ৰপতিৰ মেন অৱ দা নেচন্‌ সন্মান কলা শিৰোমণি বঁটা —মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (১৯৯১)
*.ডাক টিকটত স্থান পোৱা ব্যক্তি —লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮ চন। ২০ পইচা মূল্যৰক’লাছাইৰঙৰ টিকট)
*.সাহিত্য অকাডেমি বঁটা —যতীন্দ্ৰনাথদুৱৰা (১৯৫৫)
*.জ্ঞানপীঠ বঁটা —ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯ চন)
*.বিলাতত শিক্ষা লাভ —আনন্দৰাম ঢেকিয়ালফুকন
*অসমীয়া কথাছবি নিৰ্মাতা—জ্যোতিপ্ৰসাদ আগৰৱালা
*.কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ —সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই
*.লণ্ডন বিশ্ববিদ্যালয়ৰপৰাডি লিট উপাধি —ড০ সূৰ্যকুমাৰ ভূঞা
*.বিলাতত ইঞ্জিনিয়াৰিং পাছ —বলি নাৰায়ণ বৰা
*.ভাষাতত্ত্বৰ ডক্টৰেট —ড০ বাণীকান্ত কাকতি
*.বিদেশত স্বাধীন ব্যৱসায়কৰা —সাউদ ভোলানাথ বৰুৱা
*.পানীজাহাজ ক্ৰয় কৰা —মাণিক চন্দ্ৰবৰুৱা
*.কথাছবিৰ পৰিচালক —প্ৰমথেশ বৰুৱা
*.বিমান প্ৰশিক্ষণপ্ৰাপ্ত—মহানন্দ দাস
*.বিহাৰৰ ৰাজ্যপাল —দেৱকান্ত বৰুৱা
*.ভাৰতীয় চলচ্চিত্ৰত সৰ্বপ্ৰথম সংগীত পৰিচালকৰ সন্মান —ড০ ভূপেন হাজৰিকা(১৯৭৫, চামেলি মেমচাব)
*.অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক —হৰিপ্ৰসাদ বৰুৱা
*.অসমীয়া ছৰ্টহেণ্ড—ফণী শৰ্মা
*.চৰকাৰী হাইস্কুলৰহেড মাষ্টৰ —কেশৱ নাথ ফুকন
*.সৰ্বভাৰতীয় বিজ্ঞানী বঁটা —খনিন্দ্ৰ বৰুৱা (১৯৯৩ চন)
*.ছোভিয়েটদেশ নেহৰু বঁটা —সুৰেন্দ্ৰ মোহন দাস (১৯৬৬ চন)
*.সৰ্বভাৰতীয় দুৰ্গা ৰতন বঁটা —কীৰ্তিনাথ হাজৰিকা
*.সৰ্বভাৰতীয় শংকৰদেৱ বঁটা —ড০ ভূপেন হাজৰিকাআৰু কীৰ্তিনাথ হাজৰিকা(১৯৮৭ চন)
*.সৰ্বভাৰতীয় গোৱেংকা বঁটা —কীৰ্তিনাথ হাজৰিকা (১৯৮৭ চন)
*.কানাদাৰ শ্ৰেষ্ঠ আকোফা বঁটা —ড০ ঈশ্বৰ চন্দ্ৰ চক্ৰৱৰ্তী
*.কলিকতা প্ৰেচিডেন্সী কলেজৰপৰা ক্ষেত্ৰ মোহন চেটাৰ্জী স্বৰ্ণপদক লাভ—ড০ বাণীকান্ত কাকতি
*.অসম উপত্যকা সাহিত্য বঁটা —ড০ ভবেন্দ্ৰনাথ শইকীয়া
*.দাদা চাহেব ফাল্কে বঁটা বিজয়ী —ড০ ভূপেন হাজৰিকা

Comments

Popular posts from this blog

ওজাপালি

ওজাপালি অসমৰ এটি পুৰণি আৰ্ধনাটকীয় কলা৷ ইয়াত নৃত্য, সংলাপ, যুদ্ধৰ বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু উপযুক্ত ৰাগ আদিৰে পৰিৱেশন কৰা হয়। পুৰণি কালৰ পৰা কামৰূপ জিলা, দৰং, গোৱালপাৰা আদি অঞ্চলৰ জনসাধাৰণৰ মাজত এই অৰ্ধনাটকীয় কলা জনপ্ৰিয় কলাৰূপ হিচাপে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে। এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে। ওজাপালি প্ৰধানতঃ দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ণ গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে। সুকনান্নী ওজাই ধুতী, গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়।মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।পুৰণিকা...

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱা

জয়জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবর্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো । এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সু - সন্তানৰ নাম সোণালী আখৰেৰে লিখা হ ’ ল ভাৰত বুৰঞ্জীৰ পাতত । পিয়লি ফুকন , মণিৰাম দেৱান , কুশল কোঁৱৰ , মুকুন্দ কাকতি , কনকলতা , ভোগেশ্বৰী ফুকননী , চন্দ্ৰপ্ৰভা শইকীয়ানী - আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সুৱঁৰিব লাগিব । এইসকল অসাধাৰণ ব্যক্তিৰ মাজত কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য । শুনিবলৈ বেয়া হয় — কিন্তু অপ্ৰিয় সত্য যে অসমৰে বহু নৱপ্ৰজন্মই শ্বহীদ কনকলতা বৰুৱাক চিনি নাপায় । এই বিজ্ঞান - প্ৰযুক্তিবিদ্যাৰ যুগত আমি বহু কথাই জানিব লগা হয় বা বহু কথাই মনত ৰাখিব লগা হয় । আমি বিশ্বৰ সকলো প্ৰান্তৰে খবৰ ৰাখো কিন্তু সদায় দেখি থকা বা আমাৰ কাষতে থকা বহু কথাই আমি মনত নাৰাখো বা নাজানো । এনেকোৱা কিয় হৈছে বুলি কলে — কব লাগিব এইয়া আমাৰ মাতৃভূমি বা স্বজাতিৰ প্ৰতি থকা উদাসীনতা তাৰ একমাত্ৰ কাৰণ৷ প...

অসমৰ বাদ্য-যন্ত্ৰ খোল: এক চমু পৰিচয়

বৈষ্ণৱ ধাৰাৰ অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ, গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত আদিৰ উপৰিও দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগী গীত আদিত খোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷ খোলবাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য বুলি গণ্য কৰা হয় ৷ অসমৰ জনজীৱনত মহপুৰুষজনা একশৰণ হৰি নামধৰ্মৰ সৰ্বাত্মক পৰিধিৰ বাবে, খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে৷ গুৰুজনাই ভক্তিমাৰ্গৰ গুঢ় তত্ববিলাক সকলোস্তৰৰ লোকৰ মাজত বিলাই দিবৰ বাবে কলা-কৃষ্টিৰ মাধ্যমকে ব্যৱহাৰ কৰিলে আৰু তাৰ বাবেই ভাওনাকে ধৰি বহু গীত-মাত, ভটিমা, আদিৰ সৃষ্টি কৰিলে ৷ ইয়াকে কৰিবলে যাওঁতে তেখেতে শাস্ত্ৰীয় সংগীতৰ সতে অসমীয়া থলুৱা উপাদান সংযোগ কৰি এক নব্যধাৰাৰ সৃষ্টি কৰিলে, যাৰ ফলস্বৰূপে এই খোল আদি বাদ্যযন্ত্ৰৰ আৱিস্কাৰ হ’ল৷ আপোন বৈশিষ্টৰে খোলক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ থলুৱা বাদ্যসমূহৰ স্থানত ৰাখিব পাৰি৷ অতীজতে খোল কেৱল মাটিৰে তৈয়াৰ কৰা হৈছিল৷ কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ কাঠেৰে খোল তৈয়াৰ কৰা পদ্ধতি আহে৷ অৱশ্যে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ মাজত স্বৰৰ পাৰ্থক্য আছে৷ কাঠৰ খোল তৈয়াৰ কৰিব...